চাঞ্চল্যকৰ! বিদ্যালয়লৈ যোৱাৰ পথত শিক্ষকক অপহৰণ, পৰিত্যক্ত অৱস্থাত উদ্ধাৰ বাইক…

এক চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়লৈ যোৱাৰ পথত এগৰাকী শিক্ষকক অপহৰণৰ সন্দেহ।

কাৰ্বি আংলঙত বিদ্যালয়লৈ যোৱা পথৰ পৰাই অপহৃত হ’ল এগৰাকী শিক্ষক।

বুধবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকা শিক্ষকগৰাকী মনেশ্বৰ কলিতা (৪৬) বুলি জানিব পৰা গৈছে।

কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানা অন্তর্গত লাংহিন নগৰৰ পৰা ছামেলাংছ’ আৰক্ষী থানাৰ অন্তৰ্গত ৰংআৰি ইংলিছ এম ই স্কুলৰ শিক্ষক মনেশ্বৰ কলিতা।

পুৱা ৮ বজাতে নিজৰ এ এছ-০৯, এফ, ১৯০২ নম্বৰযুক্ত গ্লেমাৰ বাইকখনেৰে প্ৰায় ২৪ কিঃ মিঃ দূৰত্বৰ লাংলকছ’ৰ সমীপৰ ৰংআৰি ইংলিছ এম ই স্কুললৈ গৈছিল।

কিন্তু বিয়লি দুই বজাত শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নোহোৱাৰ কথা অৱগত কৰে বিদ্যালয় কর্তৃপক্ষই। লগে লগে পৰিয়ালটোত হুৱাদুৱা লাগে।

সন্ধানহীন হোৱাৰ দীৰ্ঘসময় পাৰ হৈ যোৱাৰ পাছতো লাংহিন নগৰৰ প্ৰয়াত ৰত্নেশ্বৰ কলিতাৰ পুত্ৰ মনেশ্বৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

ইপিনে, ঘৰত পত্নী, সাত বছৰীয়া কন্যা আৰু ১৯ মহীয়া পুত্র সন্তান আছে শিক্ষক গৰাকীৰ। লগত থাকে দুই ভাতৃ।

ইপিনে অতি ৰহস্যজনকভাৱে শিক্ষক মনেশ্বৰে ব্যৱহাৰ কৰা বাইকখন ছামেলাংছ’ আৰক্ষী থানা এলেকাৰ ৰাৱণমাথা নামৰ পাহাৰীয়া পথৰ তলত বাঁহৰ জোপোহাৰ মাজত লাগি থকা প্ৰত্যক্ষ কৰি উদ্ধাক কৰে আৰক্ষীয়ে।

ইতিমধ্যে প্রাথমিক তদন্তত ছামেলাংছ’ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এয়া এক অপহৰণ কাণ্ড হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে, মনেশ্বৰৰ ম’বাইললৈ ফোন যোগাযোগ কৰিলে প্ৰতিটো নম্বৰেই ফৰৱাৰ্ড হৈ মাজু ভায়েক সমৰ কলিতালৈ আহে।

অতি ৰহস্যজনকভাৱে অপহৃত হোৱা মনেশ্বৰৰ সন্ধানত এতিয়া আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।