চাঞ্চল্যকৰ! বান্ধৱীৰ ঘৰলৈ ফুৰিব গৈ সন্ধানহীন এগৰাকী কিশোৰী,পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

বান্ধৱীৰ ঘৰলৈ ফুৰিব গৈ সন্ধানহীন এগৰাকী কিশোৰী।

ৰঙিয়াৰ এগৰাকী কিশোৰী সন্ধানহীন হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১৩ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা কিশোৰীগৰাকী হৈছে ৰঙিয়াৰ সমীপৰ ততাৰকুছিৰ মেহেৰুণ নেচা (১৫)।

জানিব পৰা অনুসৰি কিশোৰীগৰাকী ৰঙিয়া নগৰৰ ৪ নং বাৰ্ডৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে।

কি পৰিস্থিতিত কিশোৰীগৰাকী সন্ধানহীন হ’ল সেয়া ৰহস্যৰ আৱৰ্তত।