চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে সুৰাপান কৰোৱাই ৩ কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ড যুৱকৰ।

গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এই লজ্জাজনক কাণ্ড পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক কেইজনক।

photo1666954584
চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ 6

জানিব পৰা মতে, যোৱা ২২ অক্টোবৰত দুধনৈৰ অসম-মেঘালয় সীমান্তৰ দুখন গাঁৱৰ তিনিগৰাকী কিশোৰীক ফুৰাবলৈ নিয়াৰ চলেৰে ফুচুলাই বাইকত উঠাই লৈ যায় তিনি যুৱকে।

photo1666954584 1
চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ 7

সন্ধিয়া কিশোৰী কেইগৰাকীক যুৱক কেইজনে দুধনৈলৈ নি হোটেলত কিবা খোৱাম বুলি এখন ধাবাত সোমাই সুৰাপান কৰোৱায়।

তাৰ পিছতে কিশোৰী কেইগৰাকীক কাষৰ এখন তামোল বাগানৰ এটা আছুতীয়া ঘৰলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰে পাষণ্ড কেইজনে।

photo1666954584 2
চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ 8

ইফালে পিছদিনা অৰ্থাৎ ২৩ অক্টোবৰত কিশোৰী কেইগৰাকীক যুৱক কেইজনে দুধনৈ চাৰিআলিত এৰি থৈ যোৱাত তাৰ পৰা কোনোমতে নিজ নিজ ঘৰত উপস্থিত হয় কিশোৰী তিনি গৰাকী।

পিছত তেওঁলোকৰ সৈতে ঘটনা সকলো ঘটনা পৰিয়ালৰ আগত বিৱৰি কোৱাত ২৪ অক্টোবৰত এজন অভিভাৱকে থানাত এজাহাৰ দাখিল কৰে।

photo1666954584 3
চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ 9

এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ত্বৰিৎ তদন্ত চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযুক্ত যুৱক তিনিজনক।

আনফালে কিশোৰী কেইগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

image 225
চাঞ্চল্যকৰ! বাইকত উঠাই ফুৰাবলৈ নিয়াৰ চলেৰে তিনি কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ, গ্ৰেপ্তাৰ 10

এই ঘটনাৰ পিছতেই সমগ্ৰ দুধনৈত এক চাঞ্চল্যকৰ সৃষ্টি হৈছে।

তিনিওটা ধৰ্ষণকাৰীয়ে উচিত শাস্তি লাভ কৰাটো এতিয়া দুধনৈৰ সকলো লোকেই দাবী জনাইছে।