চাঞ্চল্যকৰ! বাংলাদেশী যুৱতীৰ প্ৰেমত মচগুল ৪ সন্তানৰ পিতৃ জামালউদ্দিন, বিদেশৰ পৰাই ফোনত পত্নীক দিলে তিনি তালাক

নিউজ ডেস্কঃ বিদেশৰ পৰাই ফোনত পত্নীক তিনি তালাক দি বাংলাদেশী যুৱতীক বিয়া পতাৰ যো-জা চলাইছে হোজাইৰ জামালউদ্দিনে।

এই বিস্ফোৰক অভিযোগ জামালউদ্দিনৰ পত্নীৰ।

কৰ্মৰ সন্ধানত বৰ্তমান বিদেশত থকা ৪ সন্তানৰ পিতৃ জামালউদ্দিনে বাংলাদেশী যুৱতীগৰাকীক বিয়া কৰাবলৈ পত্নীক লৈও সামাজিক মাধ্যমত চলাইছে অপপ্ৰচাৰ।

পৰ পুৰুষৰ সৈতে পত্নীৰ অবৈধ সম্পৰ্ক থকা বুলি দাবী কৰাৰ উপৰিও সামাজিক মাধ্যমত জামালৰ দাবী- পত্নী তেওঁৰ দুই মাহৰ গৰ্ভৱতী।

শহুৰেকৰ পৰা ২ লাখ টকা ধাৰলৈ নি বিদেশলৈ কাম বিচাৰি যোৱা জামাল উদ্দিনে ফোনতে পত্নীক তিনি তালাক দিয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত।

পত্নীৰ অভিযোগ- এগৰাকী বাংলাদেশী যুৱতীৰ সৈতে সম্পৰ্ক আছে জামালউদ্দিনৰ। সেই যুৱতীগৰাকীকে বিয়া পাতিবলৈ পত্নীক তিনি তালাক দি ঘৰৰ পৰা উলিয়াই দিছে জামালে।

স্বামীৰ এই কাণ্ডৰ পিছত এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে জামালৰ পত্নীয়ে।

ঘটনাটোৱে সমগ্ৰ হোজাইতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।