
নিউজ ডেস্কঃ বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা অসমৰ দুগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চৰাইদেউ জিলাৰ দুজন যুৱকৰ মৃতদেহ দুখন পৃথক ৰাজ্যত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়াল।
জানিব পৰা মতে, ওড়িশাৰ বঢ়মপুৰত উদ্ধাৰ হৈছে চৰাইদেউ জিলাৰ বৰহ গাঁৱৰ নবীন শইকীয়া নামৰ এজন ২৬ বছৰীয়া যুৱকৰ মৃতদেহ।
খবৰ অনুসৰি, যোৱা ৪ ডিচেম্বৰত কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল নবীন শইকীয়া।
ইফালে তেওঁৰ সৈতে একেলগে চেন্নাই অভিমুখে ৰাওনা হোৱা ধুনীয়াপথাৰ গাঁৱৰ ৰেজেশ ঘাটোৱাৰ নামৰ আন এজন যুৱকো সন্ধানহীন হৈ থকাৰ ঘটনাই চিন্তাত পেলাইছে পৰিয়ালক।
অন্যহাতে চৰাইদেউ জিলাৰে মৰাণহাবি গাঁৱৰ আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ হয় আজমপুৰত।
কৰ্মৰ সন্ধানত যোৱা ৬ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশ অভিমুখে ৰাওনা হোৱা সত্ৰম গগৈৰ পুত্ৰ লোকনাথ গগৈৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
লোকনাথ গগৈক কোনোৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
একেই অভিযোগ কৰিছে নবীন শইকীয়াৰো পৰিয়ালে।
জিলাখনৰ দুজনকৈ চফল ডেকাই কাম বিচাৰি গৈ এনেদৰে বহিঃৰাজ্যত মৃত্যুক সাৱটি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই চৰাইদেউ বাসীয়েও।