চাঞ্চল্যকৰ! বলেৰ’ৰ ভিতৰত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ ২ যুৱকৰ মৃতদেহ, গো সৰবৰাহৰ অভিযোগত বজৰংগ দলে হত্যা কৰাৰ অভিযোগ…

নিউজ ডেস্কঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ৰাজস্থানৰ দুই যুৱকৰ মৃতদেহ ১৬ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিৱানীত বাহনৰ ভিতৰত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

বৃহস্পতিবাৰে এখন বলেৰ’ বাহনৰ ভিতৰত মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে পৰিয়ালৰ লোকে মৃতদেহ দুটা ৰাজস্থানৰ ভৰতপুৰৰ নিৱাসী জুনেইদ আৰু নাছিৰৰ বুলি চিনাক্ত কৰিছে।

পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে, যুৱক দুজনে বুধবাৰে কিছু কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। আৰু তাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল।

যুৱক দুজনৰ সন্ধানহীন সম্পৰ্কে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল পৰিয়ালে।

ইফালে নাছিৰ আৰু জুনেইদক গো সৰবৰাহৰ অভিযোগত হিন্দুত্ববাদী সংগঠন বজৰংগ দলে জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ৰাজস্থানৰ ভৰতপুৰৰ ঘাটমী গাঁৱৰ বাসিন্দা ইছমাইলে জুনেইদ আৰু নাছিৰৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰা এজাহাৰত আৰক্ষীক জনাইছিল যে জুনেইদ আৰু নাছিৰ কোনো কামৰ বাবে হাৰিয়ানাৰ ফিৰোজপুৰলৈ গৈছিল।

ইয়াৰ মাজতে আৰক্ষীৰ ওচৰত অভিযোগ দিয়া ইছমাইলক এজন অচিনাকি ব্যক্তিয়ে কয় যে বলেৰ’ গাড়ীত থকা একাংশ লোকে যুৱক দুজনক মাৰপিট কৰি হাবিৰ মাজলৈ লৈ যায়।

যুৱক দুজনক অপহৰণ কৰা সকলৰ নাম মনু, ৰিংকু ছাইনী, লোকেশ চিংলা, অনিল আৰু শ্ৰীকান্ত বুলি কোনো অচিনাকী ব্যক্তিয়ে জনায় পৰিয়ালক।

আৰু তাৰ পিছতে ৰহস্যজনকভাৱে অগ্নিদগ্ধ অৱস্থাত হাৰিয়ানা আৰক্ষীয়ে উদ্ধাৰ কৰে নাছিৰ আৰু জুনেইদৰ মৃতদেহ।

ভৰতপুৰ ৰেঞ্জৰ আই জিয়ে জনোৱা মতে, ভীৱানী জিলাৰ লোহাৰু বনাঞ্চলৰ পৰা অহা এখন বলেৰ’ত দুজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত আৰক্ষীয়ে গাড়ীখনৰ নম্বৰৰ তথ্য লাভ কৰে, যাৰ ভিত্তিত নুহ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হয়।

নুহ আৰক্ষীয়ে জনোৱা মতে, বলেৰ’ বাহনখন ফিৰোজপুৰ ঝিৰকাৰ মহৌ গাঁৱৰ হাছিনৰ নামত পঞ্জীয়নভুক্ত বুলি নিশ্চিত হয়।

নাছিৰ নামৰ এজন ব্যক্তিয়ে এখন বলেৰ’ বিচাৰি হাছিনৰ পৰা লৈ গৈছিল। ঘটনা সন্দৰ্ভত যে ভুক্তভোগীৰ পৰিয়ালে ৫জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

সেইসকল লোকৰ বিৰুদ্ধে অপহৰণ, আক্ৰমণ, হত্যা আৰু মৃতদেহ জ্বলাই দিয়াৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে এতিয়াও গোচৰৰ তদন্তত নিয়োজিত হৈ আছে।