
নিউজ ডেস্কঃ বন্ধুৰ এপাৰ্টমেণ্টৰ ভিতৰত এগৰাকী মেডিকেল কলেজৰ ছাত্ৰীক মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
বুধবাৰে কেৰালাৰ কোঝিকোডৰ পালাঝিস্থিত এটা এপাৰ্টমেন্টৰ ভিতৰত উদ্ধাৰ হয় ২৫ বৰ্ষীয় যুৱতীগৰাকীৰ মৃতদেহ।
নিহত যুৱতীগৰাকীক ৱায়ানাদৰ কনিয়ামপাটাৰ নিৱাসী তথা কোঝিকোডৰ মালাবাৰ মেডিকেল কলেজৰ স্নাতকোত্তৰ ছাত্ৰী থানছিয়া বুলি চিনাক্ত কৰা হৈছে।
বুধবাৰে পুৱা প্ৰায় ১০ বজাত থানছিয়াক এপাৰ্টমেণ্টৰ ভিতৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে বন্ধুজনে আৰক্ষীক খবৰ দিয়ে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে, যুৱতীগৰাকীৰ মৃত্যুৰ সময়ত বন্ধুৰ এপাৰ্টমেণ্টত অকেলই আছিল তেওঁ।
ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত কিছু মাহৰ পৰা মৃগি ৰোগৰ চিকিৎসা চলি আছিল থানছিয়াৰ।
মৃগি ৰোগত আক্ৰান্ত হৈয়ে যুৱতীগৰাকীৰ মৃত্যু ঘটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।