fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! ফেচবুকত চিনাকি হৈ মুছলমান যুৱতীক বিয়া হিন্দু আৰক্ষী কনিষ্টবলৰ, কিছুমাহ পিছতে কোঠাত উদ্ধাৰ পত্নীৰ মৃতদেহ, পলাতক স্বামী…

নিউজ ডেস্কঃ প্ৰথমে সামাজিক মাধ্যমত চিনাকি, তাৰ পিছত প্ৰেম। কিন্তু ভালপোৱাৰ মাজতে প্ৰেমিকৰ আচৰণত সন্দেহ ওপজাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল প্ৰেমিকাৰ।

পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত সম্পন্ন হয় প্ৰেমিক-প্ৰেমিকাৰ বিয়া।

পতি-পত্নীৰূপে যুগ্ম জীৱনৰ পাতনি মেলাৰ কিছু মাহ পিছতে হঠাৎ কোঠাৰ ভিতৰত পত্নীৰ মৃতদেহ উদ্ধাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

স্বামীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। বৰ্তমান পলাতক আৰক্ষী কনিষ্টবল স্বামীও।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কুশনগৰ জিলাত।

জানিব পৰা মতে, প্ৰায় ডেৰ বছৰ পূৰ্বে ৰোশন ৰায় নামৰ আৰক্ষী কনিষ্টবলজনৰ সৈতে পৰিচয় ঘটিছিল ছোনী আনছাৰী নামৰ মুছলমান যুৱতীগৰাকীৰ।

সামাজিক মাধ্যমৰ জৰিয়তে হোৱা এই চিনাকিয়ে পৰৱৰ্তী সময়ত ৰূপ লৈছিল ভালপোৱাৰ।

ৰোশন আৰু ছোনীয়ে কিছুমাহ পিছত একেলগে থাকিবলৈও আৰম্ভ কৰিছিল। কিন্তু তাৰ পিছতে কুশনগৰৰ কাছিয়া থানাৰ পৰা জহটা থানলৈ বদলি কৰা হয় কনিষ্টবল ৰোশন ৰায়ক।

লাহে লাহে ৰোশনৰ ৰেহ-ৰূপত পৰিৱৰ্তন লক্ষ্য কৰে প্ৰেমিকা ছোনীয়ে। সৰু সৰু কথাতেই কাজিয়া, মনোমালিন্যৰ বাবে সন্দেহ ঘনীভূত হোৱাৰ ৰোশনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে।

কিন্তু আৰক্ষীয়ে সেই মুহূৰ্তত দুয়োকে থানালৈ মাতি নি বুজাই বঢ়াই হিন্দু ৰীতি-নীতিৰে বিয়া পাতি দিয়ে।

ৰোশন আৰু ছোনীয়ে পতি-পত্নীৰূপে যুগ্ম জীৱন আৰম্ভ কৰাৰ পিছতে হঠাৎ তেওঁলোকৰ ঘৰৰ কোঠাত উদ্ধাৰ হয় ছোনীৰ মৃতদেহ।

২৫ জানুৱাৰীত স্থানীয় লোকে তেওঁলোকৰ ভাড়াঘৰৰ পৰা উৎকোত দুৰ্গোন্ধ ওলোৱা বুলি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুৱাৰ ভাগি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহটো।

আনহাতে এই ঘটনাৰ পিছতে পলাতক হৈ থকা কনিষ্টবল ৰোশনেই পত্নী ছোনীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

অন্যহাতে অসম্প্ৰদায়ৰ সৈতে বিবাহ সম্পন্ন কৰাৰ বাবেই মুছলমান সমাজে ছোনী আনছাৰীৰ মৃতদেহ মুছলমান ৰীতিৰে সমাধিস্থ কৰিবলৈ অস্বীকাৰ কৰাত তাক লৈও সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

যাৰ বাবে অৱশেষত আৰক্ষীয়ে নিজেই যুৱতীগৰাকীৰ মৃতদেহ সমাধিস্থ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!