
নিউজ ডেস্কঃ প্ৰেমিক আৰু প্ৰেমিকৰ পিতৃৰ ব্লেক মেইলিঙৰ বলি হৈ অৱশেষত জীৱনৰ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিল এগৰাকী যুৱতীয়ে।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ জিলাৰ ৰাখালডুবিত।
অভিযোগ অনুসৰি, এগৰাকী যুৱতীক প্ৰথমে প্ৰেমৰ জালত পেলাইছিল ৰাখালডুবিৰ ৰেজাউল নামৰ যুৱকজনে।
তাৰ পিছতে কৌশলেৰে যুৱতীগৰাকীৰ গোপন ছবি তুলি পিতৃৰ সৈতে মিলি ভাইৰেল কৰাৰ ভাবুকি দিছিল যুৱতীগৰাকীক।

গোপন ফটো ভাইৰেল নকৰাৰ বাবদ ৫০ হাজাৰ টকা বিচাৰিছিল ৰেজাউল নামৰ লম্পট আৰু তাৰ পিতৃ শহৰ আলীয়ে।
প্ৰেমৰ জালত পৰি এনেদৰে মান সন্মান হেৰুওৱাৰ ভয়ত অৱশেষত চিপ লৈ আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।
ইফালে যুৱতীগৰাকীৰ আত্মহত্যাৰ পিছতে ৰেজাউল আৰু শহৰ আলী নামৰ লম্পট পিতা-পুত্ৰহালে পলায়ন কৰা বুলি জানিব পৰা গৈছে।
এই ঘটনাই সমগ্ৰ বঙাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।