চাঞ্চল্যকৰ! প্ৰেমিকৰ সৈতে বিয়াত সন্মতি নাছিল পিতৃৰ, যাৰ বাবে পিতৃৰ সন্মুখতে অপহৰণৰ নাটক ৰচিলে যুৱতীয়ে…

নিউজ ডেস্কঃ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ পিতৃৰ সন্মুখত ভুৱা অপহৰণৰ নাটক ৰচিলে কন্যাই।

প্ৰেমিকৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ পিছত ভুৱা অপহৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰি নিজেই এই কথা জনালে যুৱতীগৰাকীয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৰাজনা ছিৰচিলাত।

১৮ বছৰীয়া যুৱতীগৰাকীয়ে দাবী কৰা মতে, সেই সময়ত তেওঁ প্ৰাপ্তবয়স্ক নোহোৱা বাবে প্ৰেমিকৰ সৈতে বিয়াত সন্মতি প্ৰদান কৰা নাছিল পৰিয়ালে।

আনহাতে প্ৰেমিক যুৱকজনৰ বিৰুদ্ধে গোচৰো তৰিছিল পিতৃয়ে।

যাৰ বাবে তেওঁ প্ৰেমিক আৰু বন্ধুৰ সৈতে পৰিকল্পনা কৰি অপহৰণৰ নাটক ৰচে।

পৰিকল্পনা অনুসৰিয়েই এদিন পিতৃৰ সৈতে মন্দিৰ দৰ্শন কৰি ওভতাৰ পথত পিতৃৰ সন্মুখতে ৪ যুৱকে অপহৰণ কৰে যুৱতীগৰাকীক।

অন্যহাতে এই অপহৰণ কাণ্ডৰ পিছত পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলায় যদিও যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।

আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে ঘটনাৰ এবছৰ পিছত নিজে অপহৰণ কাণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া এক ভুৱা অপহৰণ আছিল বুলি দাবী কৰে যুৱতীগৰাকীয়ে।