চাঞ্চল্যকৰ! প্ৰসূতি পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবে হাস্পতালৰ বিল্ডিঙৰ পৰা জঁপিয়ালে জিতুমণি দাসে…

নিউজ ডেস্কঃ যোৰহাট মেডিকেলত ভয়ংকৰ কাণ্ড।

পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবে বিল্ডিঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এজনৰ।

এমচিএইছ বিল্ডিঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় জিতুমণি দাস নামৰ লোকজনে।

জানিব পৰা মতে, হাস্পতালখনত চিকিৎসাধীন হৈ আছে জিতুমণি দাসৰ প্ৰসূতি পত্নী শেৱালী দাসে।

কিন্তু পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই মানসিকভাৱে ভাগি পৰে জিতুমণি।

যাৰ বাবে বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় লোকজনে।

অৱশ্যে এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও প্ৰাণৰক্ষা পৰে জিতুমণি দাসৰ।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।