চাঞ্চল্যকৰ! পেটত চুৰি সোমাই থকা অৱস্থাৰেই হাস্পতালত উপস্থিত যুৱক…

এক চাঞ্চল্যকৰ ঘটনা।
পেটত চুৰি সোমাই থকা অৱস্থাৰেই হাস্পতালত উপস্থিত যুৱক।
শিৱসাগৰ জিলাৰ নাজিৰা বামুণপুখুৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
এজন যুৱকে পেটত হান খোৱা চুৰিৰে সৈতে চিকিৎসালয় আহি উপস্থিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আঘাতপ্ৰাপ্ত যুৱকজন নাজিৰাৰ বামুণপুখুৰী চাহবাগিচাৰ সুৰেশ মুণ্ডা(২৬)।
সুৰেশ মুণ্ডা নামৰ যুৱকজনৰ পেটত চুৰিকাঘাট হৈছিল। ঘটনাৰ পাছতে পৰিয়ালৰ আৰু স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰে নাজিৰা লিগিৰীপুখুৰী চিকিৎসালয়ত।
পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যুৱকজনে নিজৰ পেটত নিজেই চুৰিকাঘাট কৰিছে, তেওঁ এজন মানসিক ৰোগী।
কিন্তু পেটত চুৰিকাঘাট হোৱা যুৱকজনৰ ভাষ্য অনুসৰি কোনো অচিনাক্ত ব্যক্তিয়ে তেওঁক চুৰিকাঘাট কৰিছে বুলি কয় সংবাদমাধ্যমক। যি ঘটনাক লৈ নাজিৰাৰ বামুণপুখুৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ।
পৰৱৰ্তী সময়ত সুৰেশ মুণ্ডা(২৬)ক উন্নত চিকিৎসাৰ বাবে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।