
নিউজ ডেস্কঃ ৰাজ্যত সংঘটিত হৈ অহা ভুৱা এনকাউণ্টাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আৰক্ষীৰ আন এটা এনকাউণ্টাৰক লৈ এতিয়া সূত্ৰপাত ঘটিছে বিতৰ্কৰ।
দুৰ্ধৰ্ষ ডকাইত বুলি দাবী কৰি আৰক্ষীয়ে শুকুৰবাৰে ওদালগুৰিত গুলীয়াই হত্যা কৰা কিনাৰাম বড়োৰ মৃতদেহক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
দৰাচলতে আৰক্ষীয়ে শুকুৰবাৰে যিজন ব্যক্তিক ডকাইত সজাই হত্যা কৰিলে, সেইজন প্ৰকৃততে কিনাৰাম বড়ো নহয় বুলি উত্থাপন হৈছে দাবীৰ।
বৰঞ্চ আৰক্ষীৰ একনাউণ্টাৰত নিহত হোৱা লোকজনৰ নাম ডিম্বেশ্বৰ বসুমতাৰী বুলিহে দাবী উত্থাপন কৰিছে লোকজনৰ পত্নীয়ে।
উল্লেখ্য যে, শুকুৰবাৰে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাং খুটিত সংঘটিত হৈছিল এক এনকাউণ্টাৰৰ ঘটনা।
এটা ঘৰত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত নিহত হৈছিল কিনাৰাম বড়ো নামৰ এটা ডকাইতৰ।
আৰক্ষীয়ে দাবী কৰা মতে, ডকাইতটোৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা পিষ্টল আৰু কাৰ্টিজো।
কিন্তু এতিয়া অভিযোগ উত্থাপন হোৱা মতে, আৰক্ষীয়ে ভুল ব্যক্তিকহে এনকাউণ্টাৰৰ নামত হত্যা কৰিলে।
আৰক্ষীৰ গুলীত নিহত লোকজন নহয় কিনাৰাম বড়ো। বৰং তেওঁৰ নাম ডিম্বেশ্বৰ বসুমতাৰীহে।
ডিম্বেশ্বৰ বসুমতাৰীৰ পত্নীয়ে প্ৰকাশ কৰা মতে, শুকুৰবাৰে কিনাৰাম বড়োৱে ঘৰলৈ আহি লগত লৈ গৈছিল ডিম্বেশ্বৰ বসুমতাৰীক।
তাৰ পিছতে তেওঁ জানিব পাৰে স্বামীৰ মৃত্যুৰ বিষয়ে।
ব্যক্তিজনৰ পত্নীৰ এই গুৰুতৰ অভিযোগৰ পিছত পুনৰ এবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ কাণ্ডক লৈ উত্থাপন কৰিছে প্ৰশ্নৰ।
আৰক্ষীয়ে নীৰিহ লোকক হত্যা কৰি ডকাইত সজাই এনকাউণ্টাৰ কৰি আহিছে নেকি, তাক লৈও প্ৰশ্ন উঠিছে।
ইফালে স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী আৰু প্ৰশাসনৰ কাষ চাপিছে ডিম্বেশ্বৰ বসুমতাৰীৰ পত্নীয়ে।