নিউজ ডেস্কঃ যোৱা ১০ নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হোৱা এগৰাকী মহিলা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে মূৰত সৰগ ভাগি পৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ।
পাকিস্তানৰ অধিবক্তাৰ পৰা হোৱাটছএপত জাননী লাভ কৰাৰ পিছতে এতিয়া কন্যাক ঘৰলৈ ওভতাই আনিবলৈ হাহাকাৰ কৰিছে মাতৃ আৰু পৰিয়ালে।
জানিব পৰা মতে, যোৱা ১০ নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছিল ৱাহিদা বেগম নামৰ মহিলাগৰাকী।
মহিলাগৰাকীৰ স্বামী মহম্মদ মহছিন খানৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে ৱাহিদাই লাভ কৰিছিল ১ কোটি ৬০ লাখ টকা।
সেই টকাখিনি লৈ মহিলাগৰাকী সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ লাগে।
ৱাহিদাৰ মাতৃ আৰিফা খাতুনে কন্যাক বিচাৰি চৌদিশ চলাথ কৰি থকাৰ সময়তে ৩০ নৱেম্বৰত পাকিস্তানৰ পৰা এটা ফোন লাভ কৰে।
ইয়াৰ পিছতে ৱাহিদা বেগম পাকিস্তানৰ কাৰাগাৰত থকা বুলি জানিবলৈ দি পাকিস্তানৰ অধিবক্তাই হোৱাটছএপত আইনী জাননীৰ প্ৰতিলিপি প্ৰেৰণ কৰে।
একে সময়তে পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্ৰেৰণ কৰে আইনী জাননী।
ইয়াৰ পিছতে ৱাহিদাৰ মাতৃয়ে অসম আৰক্ষীৰ কাষ চাপে যদিও কোনো সঁহাৰি লাভ নকৰাত অধিবক্তা সন্তোষ সুমনৰ সহায় লয়।
কিন্তু অধিবক্তা সন্তোষ সুমনেও ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় আৰু ভাৰতস্থিত পাকিস্তান দূতাবাসৰ কাষ চাপে যদিও কোনো সুদুত্তৰ লাভ নকৰাত অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়।
জানিব পৰা মতে, ৬ জানুৱাৰীত এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে।
ইফালে নিজৰ কন্যা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰি ভাগি পৰিছে ৱাহিদা বেগমৰ মাতৃ।
যুৱতীগৰাকী কিদৰে অসমৰ পৰা পাকিস্তান গৈ পালে, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।