চাঞ্চল্যকৰ! পত্নী আৰু ৮ বছৰীয়া পুত্ৰৰ ডিঙি চেপি হত্যা কৰি অভিযন্তাই নিজেও বাচি ল’লে চৰম পথ…

নিউজ ডেস্কঃ পত্নী আৰু পুত্ৰক হত্যা কৰি এগৰাকী আইটি অভিযন্তাই নিজেও আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰৰ পুনেৰ আউন্ধ এলেকাত।

বুধবাৰে তেওঁলোকৰ এপাৰ্টমেণ্টৰ ভিতৰত তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

অৱশ্যে এই হত্যা আৰু আত্মহত্যাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।

জানিব পৰা মতে, আউন্ধ অঞ্চলৰ এটা অট্টালিকাত বাস কৰিছিল পশ্চিমবংগৰ নিৱাসী পেছাত আইটি ইঞ্জিনিয়াৰ সুদীপ্ত গাংগুলী (৪৪), তেওঁৰ পত্নী প্ৰিয়ংকা গাংগুলী (৪০) আৰু তেওঁলোকৰ ৮ বছৰীয়া পুত্ৰই।

কিন্তু মঙলবাৰৰ পৰা সুদীপ্তৰ বাংগালুৰুত থকা ভাতৃয়ে বাৰাম্বাৰ ফোন কৰিও কোনো প্ৰত্যুত্তৰ লাভ নকৰাত বুধবাৰে তেওঁ পুনেত উপস্থিত হয়।

ইয়াৰ পিছতে আৰক্ষী সহিতে ভাতৃ সুদীপ্ত গাংগুলীৰ এপাৰ্টমেণ্টত উপস্থিত হোৱাত ঘৰৰ ভিতৰত তিনিওৰে মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত প্ৰকাশ কৰা মতে, প্ৰথমে সুদীপ্তই পলিথিনিৰে পত্নী আৰু পুত্ৰক ডিঙি চেপি হত্যা কৰাৰ পিছত নিজেও আত্মহত্যা কৰে।

আই টি ইঞ্জিনিয়াৰ সুদীপ্তই কি কাৰণে পুত্ৰ আৰু পত্নীক হত্যা কৰি নিজে আত্মহত্যা কৰিলে, তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।