অসম

চাঞ্চল্যকৰ! নৱনিযুক্ত আৰক্ষী উপ পৰিদৰ্শকে গুলীয়াই হত্যা কৰিলে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকক…

এক চাঞ্চল্যকৰ ঘটনা।

দিন দুপৰতে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকক গুলীয়াই হত্যা কৰিলে এগৰাকী নৱনিযুক্ত আৰক্ষী উপ পৰিদৰ্শকে।

ধেমাজিৰ ভেহপৰাত আৰক্ষী বিষয়াগৰাকীৰ গুলীত মৃত্যু হয় অমূল্য বৰুৱা নামৰ লোক জনৰ।

ঘটনাটো সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে উপ পৰিদৰ্শক আলোক কোঁৱৰে।

অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আছিল নিহত অমূল্য বৰুৱা।

আনহতে ডিব্ৰুগড় সদৰ থানাত নিয়োজিত আছিল SI আলোক কোঁৱৰ।

জানিব পৰা মতে ২০১৮ চনত SI পদত নিযুক্তি পাইছিল আলোক কোঁৱৰে।

মাটি-বাৰী সংক্ৰান্তীয় বিষয়তেই অমূল্য বৰুৱা হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

নিজৰ চাৰ্ভিচ পিষ্টলটোৰে অমূল্য বৰুৱাৰ ঘৰৰ চোতালতে গুলীয়াই হত্যা কৰে।

তাৰ পিছতেই পিষ্টলটোৰ সৈতে গৈ ধেমাজি সদৰ থানাত আত্মসমৰ্পণ কৰে আলোক কোঁৱৰে।

Related Articles

Back to top button