অসম
চাঞ্চল্যকৰ! নৈত জাঁপ দি জীৱন শেষ কৰাৰ চেষ্টা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ…

এক চাঞ্চল্যকৰ ঘটনা।
নৈত জাঁপ দি জীৱন শেষ কৰাৰ চেষ্টা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ
পাগলাদিয়া নৈত জাঁপ দি অত্মাহত্যাৰ চেষ্টা অতুল বৈশ্য নামৰ চৰকাৰী কৰ্মচাৰীগাৰকীৰ।
নলবাৰীৰ বৰমুৰিকোণাত পাগলাদিয়া নৈত জাঁপ দি আত্মাহত্যাৰ চেষ্টা চলোৱা চৰকাৰী কৰ্মচাৰী জনক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আত্মাহত্যাৰ চেষ্টা চলোৱা অতুল বৈশ্যৰ ঘৰ চান্দকুছি ঘিল্লাৰ চ’কৰ বুলি জানিব পৰা গৈছে।
অসম স্কিল ডেভলে’পমেণ্ট বিভাগত কৰ্মৰত কৰ্মচাৰীজনৰ নিজ কাৰ্যালয়ত সংঘটিত হোৱা কোনো ঘটনাকলৈ মানসিক চাপত এই কাৰ্য সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।
লোকজনৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।