চাঞ্চল্যকৰ! নিজ বাসগৃহৰ কন্যাৰ কোঠাত জীৱনৰ চৰম সিদ্ধান্ত GMCHৰ চিকিৎসক ডা০ আইভি শৰ্মাৰ…

নিউজ ডেস্কঃ মহানগৰীত জিএমচিএইছৰ এগৰাকী মহিলা চিকিৎসকৰ আত্মহননৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

দেওবাৰে পুৱা হাতীগাঁওৰ বশিষ্ঠপুৰ ৩নং লেনস্থিত বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডা০ আইভি শৰ্মাৰ মৃতদেহ।

জানিব পৰা মতে, মহিলা চিকিৎসকগৰাকীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ঘৰতেই আছিল তেওঁৰ স্বামী তথা জিএমচিএইচৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ অধীক্ষক ডা০ দেৱজিত শৰ্মা।

বহু সময় ধৰি তেওঁ পত্নীক বিচাৰি নাপাই ইফালে সিফালে বিচাৰ খোচাৰ কৰাত কন্যাৰ কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত ডা০ আইভি শৰ্মাক প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁক জিএমচিএইছলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

কি কাৰণে মহিলা চিকিৎসকগৰাকীয়ে আত্মহননৰ পথ বাচি ল’লে সেয়া স্পষ্ট নহয় যদিও জানিব পৰা মতে, বিগত কিছুদিন ধৰি মানসিক অসুস্থতাত ভুগি আছিল ডা০ আইভি শৰ্মা।