চাঞ্চল্যকৰ! দৰমহা বৃদ্ধি কৰিবলৈ অমান্তি হোৱাৰ বাবেই ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক নিৰ্মমভাৱে মৰিয়াই হত্যা কনিষ্টবলৰ…

নিউজ ডেস্কঃ কাজিয়াৰ পিছত পদবীৰ ব্যৱহাৰ কৰি কনিষ্টবলৰ দৰমহা বৃদ্ধি বন্ধ কৰি ৰাখিছিল উচ্চপদস্থ বিষয়াই। যাৰ বাবেই লাঠিৰে মৰিয়াই নিজৰে জ্যেষ্ঠ বিষয়াক হত্যা কৰিলে এজন ৰে’লৱে কনিষ্টবলে।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেৰ কল্যাণস্থিত আৰ পি এফৰ মুখ্য কাৰ্যালয়ত।

জানিব পৰা মতে, বুধবাৰে নিশা ৮.৩০ বজাত সংঘটিত হয় এই হত্যাকাণ্ড।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী ৰে’লৱে কনিষ্টবল পংকজ যাদৱ (৪০)ক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাইছে।

কলসেৱাড়ী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক এম আৰ দেশমুখে জানিবলৈ দিয়া মতে, প্ৰায় দুবছৰ পূৰ্বে অভিযুক্ত পংকজ যাদৱ আৰু ভুক্তভোগী উপ-পৰিদৰ্শক বাসৱৰাজ গাৰ্গ (৫৬)ৰ মাজত কোনো কাৰণক লৈ ভীষণ কাজিয়া হৈছিল।

এই কাজিয়াৰ পিছতে বাসৱৰাজ গাৰ্গে নিজৰ পদবীৰ ব্যৱহাৰ কৰি যাদৱৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে আৰু তেওঁৰ অধিক দৰমহা হ্ৰাস কৰিবলৈ সক্ষম হয়।

যোৱা দুবছৰত গাৰ্গে অনুশাসনমূলক ভিত্তিত যাদৱৰ দৰমহা ইমানেই হ্ৰাস কৰিছিল যে তেওঁ কেৱল মৌলিক দৰমহাখিনিহে লাভ কৰিবলৈ সক্ষম হৈছিল।

ইফালে চেষ্টা কৰিও দৰমহা বৃদ্ধি নোহোৱাৰ বাবে বিচলিত হৈ পৰা যাদৱে বুধবাৰে সন্ধিয়া আৰপিএফৰ কোৱাৰ্টাৰত এছআই গাৰ্গক লগ কৰিবলৈ যায়।

য’ত তেওঁ তেওঁৰ দৰমহা বৃদ্ধিৰ বাবে জ্যেষ্ঠ বিষয়াগৰাকীক আহ্বান জনায় যদিও গাৰ্গে সেয়া কৰিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ যাদৱে গাৰ্গৰ মূৰত এডাল বাঁহৰ লাঠিৰে প্ৰহাৰ কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাসৱৰাজ গাৰ্গক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

অন্যহাতে আৰক্ষীয়ে ত্বৰিৎ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত পংকজ যাদৱক।