
নিউজ ডেস্কঃ দিল্লীত নৱবৰ্ষৰ প্ৰাকসন্ধ্যা এগৰাকী যুৱতীক গাড়ীৰে ১৩ কিলোমিটাৰ পথ চোঁচৰাই নিয়াৰ লোমহৰ্ষক ঘটনাৰ পিছত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল বাংগালুৰুত।
বাংগালুৰুৰ ৰাজপথত এটা পথ দুৰ্ঘটনাৰ পিছতে এগৰাকী ৭১ বৰ্ষীয় বৃদ্ধক স্কুটীৰে চোঁচৰাই লৈ গ’ল চালকে।
সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্কুটী চালক চাহিলক।
জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ৭১ বৰ্ষীয় মুতাপ্পাৰ বলেৰ’ আৰু ২৫ বৰ্ষীয় চাহিলৰ স্কুটীৰ মাজত এক সামান্য সংঘৰ্ষ হৈছিল।
দুৰ্ঘটনাটোৰ পিছতে গাড়ীৰ পৰা নামি আহি মুতাপ্পাই স্কুটী আৰোহীজনক জবাবদিহী কৰাৰ চেষ্টা চলায়।
কিন্তু স্কুটী লৈ অভিযুক্তজনে পলায়ন কৰিবলৈ ধৰাত বৃদ্ধজনে স্কুটীৰ পিছফালে ধৰি ৰখাবলৈ চেষ্টা কৰাত তেওঁকো চোঁচৰাই লৈ যায় স্কুটী আৰোহীয়ে।
অৱশ্যে কিছু মিটাৰ এনেদৰে চোঁচৰাই নিয়াৰ পিছত স্থানীয় লোকে স্কুটীখন ৰখাবলৈ সক্ষম হয় আৰু লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত চাহিলক গ্ৰেপ্তাৰ কৰে।
এই ঘটনাত মুতাপ্পা নামৰ বৃদ্ধজনে শৰীৰৰ একাধিক অংগত আঘাত পোৱাত তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
#WATCH On Camera, 71-Year-Old Dragged By Scooter On Bengaluru Road After Accident. pic.twitter.com/sHYqBkfttF
— Manish Rajput (@MAHENDR53233226) January 17, 2023