চাঞ্চল্যকৰ! দুমাহ ধৰি নিৰুদ্দেশ ৭ গৰাকীকৈ যুৱক, কাম দিয়াৰ উদ্দেশ্যে ঠিকাদাৰে লৈ গৈছিল অৰুণাচললৈ…

এক চাঞ্চল্যকৰ ঘটনা।

দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে ৭ গৰাকীকৈ যুৱক।

বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

বিলাসীপাৰাৰ সীমান্তৱৰ্তী এলেকাৰ মালগাঁৱ বগুলাউৰাৰ ৭ গৰাকীকৈ যুৱক নিৰুদ্দেশ।

দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে গাঁওখনৰ মনোৱাৰা হুছেইন, ছামিৰুল শ্বেখ, আবুল হুছেইন, কালামউদ্দিন শ্বেখ, ফৰিজুল হক, আইনাল হক আৰু মাজিদুল আলী।

অভয়াপুৰীৰ ৰেজাউল কৰিম নামৰ এগৰাকী ঠিকাদাৰে কাম দিয়া উদ্দেশ্যেৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ লৈ গৈছিল এই সাত যুৱকক।

বিগত দুমাহ ধৰি যুৱককেইজনৰ ম’বাইল বন্ধ হৈ পৰাত যুৱককেইজনৰ পৰিয়ালৰ লগত কোনো যোগাযোগ নোহোৱাত পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰৰ পৰিস্থিতি।

ইতিমধ্যে ঘটান সন্দৰ্ভত যুৱককেইজনৰ পৰিয়ালৰ লোকে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই।

ভুক্তভোগী পৰিয়ালকেইটাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰ প্ৰধান প্ৰমোদ বড়োক যুৱকেইজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত হস্তক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।