অসম
চাঞ্চল্যকৰ! দুই সন্তানসহ চাৰিদিন ধৰি নিৰুদ্দেশ মাতৃ, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।
চাৰিদিন ধৰি নিৰুদ্দেশ একেটা পৰিয়ালৰে তিনিগৰাকীকৈ সদস্য।
চিমেন চাপৰি থানাৰ অন্তৰ্গত চিচিবৰগাঁও- তেলামত সংঘটিত হৈছে এই ঘটনা।
একেটা পৰিয়লৰে মাতৃ-পুত্ৰ-কন্যাসহ তিনিজনকৈ সদস্য নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা অনুসৰি তেলেমৰ আবুল আলীৰ ৩২ বছৰীয়া পত্নী নানু বেগম, ১০ বছৰীয়া কন্যা চেহনাজ বেগম আৰু ৮ বছৰীয়া পুত্ৰ ইৰফান আলী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছে।
যোৱা ৪জুনৰ সন্ধিয়া দুই সন্তানসহ পত্নী নিৰুদ্দেশ হৈ থকা বুলি জানিবলৈ দিয়ে স্বামী আবুল আলীয়ে।
বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত আবুল আলীয়ে যোৱা ৬জুনত চিমেন চাপৰিৰ থনাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।
কোনো লোকে তেওঁলোকৰ কিবা সন্ধান পালে ৯৯৫৭৩-৫৬৩৩০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।