নিউজ ডেস্কঃ চুপাৰি কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ এটা তিনিজনীয়া দল।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছ ৰঙিয়াত।
নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি সোমবাৰে দিনৰ পোহৰতে এখন চুুপাৰি কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰিছিল ৪ জন যুৱকে।

কিন্তু ধন দাবী কৰি থকা সময়তে সেই স্থানত ৰঙিয়া আৰক্ষীৰ এটা তহলদাৰী দল উপস্থিত হৈ দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা দলটোৰ ৩ জনক আটক কৰে।
অৱশ্যে চেগ বুজি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আন এজন অভিযুক্তই।
ধৃত যুৱক কেইজনক উদিয়ানাৰ ইকবাল হুছেইন, কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰঙিয়াৰ বন গাঁৱৰ উৰণীয়া সেতুৰ তলত বৰপেটাৰ পৰা অহা এএছ ১৫এচি ৫৭৮২ নম্বৰৰ এখন চুপাৰি কঢ়িওৱা ট্ৰাকৰ পৰা ধন দাবী কৰিছিল যুৱক কেইজনে।
ট্ৰাকখনৰ নথি পত্ৰ নাই বুলি দাবী কৰি ধন বিচৰাৰ সময়তে ভুৱা দুুৰ্নীতি নিবাৰক শাখাৰ দলটোক আটক কৰে আৰক্ষীয়ে।