fbpx
অসম

চাঞ্চল্যকৰ! দাবী কৰা ধন নিদিয়াৰ বাবে ব্যৱসায়ীক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ…

এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

কোকৰাঝাৰ জিলাৰ ছালাকাটিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

অচিনাক্ত দুৰ্বৃত্তই বিকাশ জৈন(৩৫) নামৰ এজন ব্যৱসায়ী পিষ্টলেৰে মূৰত আঘাত কৰি আহত কৰে।

ব্যৱসায়ী বিকাশ জৈনে সদৰি কৰা মতে, দোকানত থকাৰ সময়তে ছজনীয়া দুৰ্ষ্কৃতিকাৰীৰ দলে চাৰিটা পিষ্টল লৈ দোকানত প্ৰৱেশ কৰে আৰু ধনদাবী কৰে ।

ব্যৱসায়ীগৰাকীয়ে ধন নাই বুলি কোৱাত চাৰিটা পিষ্টলেৰ বাটেৰে( butt) ব্যৱসায়ীগৰাকীৰ মূৰত মাৰে। ইয়াৰোপৰি কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমন কৰি আহত কৰে।

দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে কেচবক্সৰ পৰা টকা লুট কৰি নিয়াৰ সময়ত চিচি কেমেৰা বুলি টিভি এটা ভাঙি থৈ যায়।

দুৰ্ষ্কৃতিকাৰীসকল মাস্ক আৰু হেলমেট পিন্ধা আছিল বুলি ব্যৱসায়ীগৰাকীয়ে সদৰি কৰিছে।

তদুপৰি দুৰ্ষ্কৃতিকাৰীসকলে নিজকে কেএলঅ’ৰ বুলি চিনাক্ত দিয়ে।

ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!