চাঞ্চল্যকৰ! দলঙৰ ওপৰত স্কুটী ৰখাই নদীত জাপ দিলে স্বাস্থ্য বিভাগত কৰ্মৰত শিখাই…

এক চাঞ্চল্যকৰ ঘটনা!
দলঙৰ ওপৰত স্কুটী ৰখাই নদীত জাপ দিলে স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে।
শিৱসাগৰ নগৰৰ আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নিশা নদীত জপিয়াই এগৰাকী মহিলাই।
আত্মহত্যা কৰা মহিলা গৰাকীৰ নাম শিখা শইকীয়া বুলি জানিব পৰা গৈছে। জয়সাগৰৰ নিৱাসী আছিল শিখা৷

জয়সাগৰতেই স্বাস্থ্য বিভাগত কাম কৰি আছিল মহিলাগৰাকী৷ প্ৰকৃত ঘৰ আখৈফুটীয়া জয়ৰাপাৰত।
মাতৃৰ চাকৰিৰ সূত্ৰে জয়সাগৰ চিকিৎসালয়ৰ আৱাসীক এলেকাত বাস কৰিছিল৷
বৃহস্পতিবাৰে নিশা দিখৌ নৈৰ দলঙলৈ স্কুটীৰে আহি দলঙৰ ওপৰতে স্কুটী এৰি থৈ অন্তৰ্ধান হয় শিখা৷
যাৰ বাবে যুৱতীগৰাকীয়ে দিখৌ নৈত জাপ দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
প্ৰত্যক্ষদৰ্শীয়ে দঙলৰ ওপৰত স্কুটী দেখি লগে লগে আৰক্ষীক খবৰ কৰে। ঘটনাস্থলীত আৰক্ষী, এচ ডি আৰ এফৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয়।
লগতে শিখা শইকীয়াৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷
আত্মহত্যাৰ কাৰণ পাৰিৱাৰিক সংঘাত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
জয়সাগৰ আৰক্ষী চকী অন্তৰ্গত জেৰেঙা নগৰৰ নিবাসী পংকজ গায়নৰ পত্নী শিখা শইকীয়া কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল।
লগতে চাওকঃ
ৰাজপথত অসহায় বৃদ্ধাক নিজৰ ট্ৰাইচাইকেলেৰে গন্তব্যস্থানত থৈ পুৰস্কৃত দুভৰি নথকা আব্দুল
