চাঞ্চল্যকৰ! ড্ৰাগছ আসক্ত ৪ যুৱকৰ হত্যাৰ বলি চৰকাৰী কৰ্মচাৰী, পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ…

নিউজ ডেস্কঃ ড্ৰাগছৰ আসক্তিত এগৰাকী চৰকাৰী কৰ্মচাৰীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৪ জন লোকক।

হাজো থানাৰ অন্তৰ্গত শক্তিবড়িত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা স্থানীয় লোকে এজন যুৱকৰ মৃতদেহ পথৰ দাঁতিত পৰি থকা দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।

উদ্ধাৰ হোৱা মৃতদেহটো হাজো থানাৰ অন্তৰ্গত বৰ্ণি-দলৈচুবাৰ প্ৰয়াত ৰফিকুদ্দিন আহমেদৰ পুত্ৰ তথা বাগটা মণ্ডল সমল কেন্দ্ৰৰ চিআৰচিচি হেলিমুদ্দিন আহমেদ (৩৫)ৰ বুলি চিনাক্ত কৰা হয়।

জানিব পৰা মতে, আগদিনা পুৱা প্ৰায় ১০ বজাত যুৱকজনে নিজৰ এএছ ২৫এছ ৫৯৭৭ নম্বৰৰ বাইকেৰে কাৰ্যালয়ৰ কামত কাহিলীপাৰালৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল।

কিন্তু যুৱকজন নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়াল। তাতে হেলিমুদ্দিনৰ মোবাইল নম্বৰ চুইচ অফ অহাত অধিক চিন্তিত হৈ পৰে পৰিয়ালটো।

ইয়াৰ পিছতে পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা লগে পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে হেলিমুদ্দিনৰ মৃতদেহটো।

ইফালে যুৱকজনৰ মৃতদেহৰ কাষত উদ্ধাৰ হয় তেওঁৰ মটৰ চাইকেলখনো।

অন্যহাতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৪ যুৱকক।

ড্ৰাগছ আসক্ত যুৱক কেইজনে টকাৰ বাবে হেলিমুদ্দিনক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষী তথা পৰিয়ালে।

অভিযুক্ত কেইজনৰ পৰিচয় হজোৰ মাজৰচুবাৰ বিক্ৰম দাস, বৰচাপৰিৰ নিৰ্মল দাস, সাততোলাৰ শান্তিপুৰৰ বিজয় দাস আৰু পানীপাৰৰ মদন দাস বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰ্মল দাসৰ নেতৃত্বতে চাৰি যুৱকে মিলি হত্যা কৰিছিল হেলিমুদ্দিনক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।