
নিউজ ডেস্কঃ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰি যদি এতিয়াও আপুনি আপোনৰ আধাৰ কাৰ্ডখন লাভ কৰা নাই, তেন্তে এই খবৰ নিঃসন্দেহে আপোনাৰ বাবে।
কাৰণ যমুনাৰ পাৰত উদ্ধাৰ হৈছে বস্তাই বস্তাই আধাৰ কাৰ্ড।
হোজাই জিলাৰ ডবকাৰ যমুনা নদীৰ পাৰত মঙলবাৰে পুৱা উদ্ধাৰ হয় কেইবাহাজাৰ আধাৰ কাৰ্ড।
বস্তাৰ ভিতৰত বান্ধি পেলাই দিয়া আধাৰ কাৰ্ডসমূহ পুৱা প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
তাৰ পিছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষ ঘটনাস্থলীত উপস্থিত হৈ আধাৰ কাৰ্ডসমূহ থানালৈ লৈ যায়।
কোনে, কিয় এই বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড নদীত পেলাই থৈ গ’ল সেয়া এতিয়াও সাথৰ।
কিন্তু এই আধাৰ কাৰ্ডসমূহ ডাক বিভাগে এনেদৰে পেলাই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।