চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ৩জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে নগদ ধন, মোবাইল ফোন…

এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

পিষ্টল দেখুৱাই ৩জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে নগদ ধনসহ মোবাইল ফোন।

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনীয়েৰী তিনিআলিত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা।

নিশা ৯ মান বজাত তিনিখন বাইকত অহা ডকাইতৰ দলে এই ডকাইতি কাণ্ড সংঘটিত কৰে।

image 52
চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ৩জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে নগদ ধন, মোবাইল ফোন... 2

জানিব পৰা মতে, মনোজ এণ্টাৰপ্ৰাইজ নামৰ গেলামাল দোকানৰ স্বত্বধিকাৰী মনোজ দাস আৰু তেওঁৰ ভাতৃক পিষ্টল মূৰত থৈ প্ৰায় ডেৰ লক্ষাধিক নগদ ধনসহ ম’বাইল ফোন লৈ যায়।

আনহাতে জয়দীপ ভাণ্ডাৰ নামৰ দোকানখনতো ডাকাইতৰ দলে পিষ্টল দেখুৱাই নগদ ধনসহ মোবাইল ফোন লৈ যায়।

ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীক খবৰ দিয়ে যদিও বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।