চাঞ্চল্যকৰ চুৰি কাণ্ড! দিন দুপৰতে ৱাইন শ্বপৰ পৰা লৈ গ’ল লেপটপসহ নগদ ধন…

চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

দিন দুপৰতে ৱাইন শ্বপৰ পৰা লৈ গ’ল লেপটপসহ নগদ ধন।

বিশ্বনাথ নগৰত সোমবাৰে দিন দুপৰতে সংঘটিত হোৱা এই ডকাইতি কাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট পথৰ কেলিফ’ৰ্নিয়া নামৰ ৱাইন শ্বপ খনৰ পৰা দুৰ্বৃত্তই দোকান খনৰ কৰ্মচাৰী জয়ন্ত মেধিৰ বেগটো লৈ নিৰ্বিঘ্নে আতৰি যায়।

কাষতে বেগটো থৈ দোকানখনৰ তলা খুলিবলৈ চেষ্টা কৰি থাঁকোতেই অতি কৌশলেৰে কোনো অজ্ঞাত ব‍্যক্তিয়ে বেগটো লৈ পলাই যায়।

বেগটোৰ ভিতৰত লেপটপ, মোবাইল ফোন, দোকানৰ নথি পত্ৰ তথা এক মোটা অংকৰ ধন আছিল বুলি কৰ্মচাৰী গৰাকীয়ে অৱগত কৰিছে।

ইফালে সমস্ত ঘটনাৰ ভিডিঅ’ চিচিটিভি কেমেৰাত আৱদ্ধ হৈ পৰে যদিও অতি কৌশলী চোৰৰ মুখমণ্ডল চিনাক্ত কৰিব পৰা নগ’ল।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বিশ্বনাথ সদৰ আৰক্ষী থানাত এক গোচৰ ৰজু কৰিছে।

আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান অব‍্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।