চাঞ্চল্যকৰ ডকাইতি কাণ্ডঃ পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী…

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী।
চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাত শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা।
বীৰণ বসুমতাৰী নামৰ এজন ঔষধ দোকানীৰ ঘৰত তিনিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিয়ে নগদ আশী হেজাৰ টকা লগতে দুই লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা।
বীৰণ বসুমতাৰীয়ে জনোৱা অনুসৰি সন্ধিয়া ৭:৪৫ মিনিটত কাশিকোত্ৰা চাৰিআলিত থকা নিজৰ ঔষধৰ দোকান বন্ধ কৰি ঘৰত সোমোৱাৰ সময়তে এখন মটৰচাইকেলত তিনিজন যুৱক তেখেতৰ ঘৰত আহি প্ৰৱেশ কৰে আৰু অতৰ্কিতে পিষ্টল উলিয়াই প্ৰথমতে ঘৰৰ অন্যান্য সদস্যক ভাবুকি প্ৰদান কৰে।
তাৰ পিছত বীৰণ বসুমতাৰীক ঘৰৰ ভিতৰত সোমাই লৈ শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ আশী হেজাৰ টকা আৰু ষ্টিল আলমাৰি খুলি প্ৰায় দুই লক্ষাধিক টকা মুল্যৰ সোণৰ অলংকাৰ লুট কৰি লৈ যায়।
সন্ধিয়াৰ ভাগতে এনেদৰে পিষ্টল দেখুৱাই কৰা ডকাইতি কাৰ্য্যই কাশিকোত্ৰা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ পিছতে চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, উপ আৰক্ষী অধীক্ষক লব কুমাৰ ডেকা উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।