চাঞ্চল্যকৰ ডকাইতি কাণ্ডঃ ৰাষ্ট্ৰীয় ঘাইপথত গছ পেলাই কেইবাখনো বাহনত লুটপাত…

পূজাৰ আনন্দৰ মাজতে ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

ৰাষ্ট্ৰীয় ঘাইপথত গছ পেলাই কেইবাখনো বাহনত লুটপাত ডকাইতৰ।

ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এজোপা প্ৰকাণ্ড শাল গছ কাটি বগৰাই এটা ১০-১৫ জনীয়া অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘঠিত কৰে৷

নিশা অনুমানিক ২:৩০ মান বজাত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ডকাইতৰ দলটোৱে প্ৰায় ১৫খন মান সৰু ডাঙৰ বাহনত লুটপাত চলায়।

ডকাইতৰ দলটোৰ প্ৰহাৰত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

ডকাইটৰ দলটোৱে নগদ ধন, মেবাইল ফোন আৰু সোণৰ আ-অলংকাৰ লুট কৰি পুনৰ হাবিৰ মাজেৰে আঁতৰি যায়৷

ইফালে খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

পিছত ডবকা বন বিভাগৰ সহযোগত পথৰ মাজৰ পৰা গছজোপা আৰক্ষীয়ে আঁতৰাই পথটো মুকলি কৰি দিয়ে৷

আৰক্ষীয়ে বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও এজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে।

Leave a Comment