fbpx
অসমীয়াঅসম

চাঞ্চল্যকৰ! টিউশ্যনলৈ যাম বুলি ঘৰত ফাঁকি দি ওলাই আহি সন্ধানহীন দশম শ্ৰেণীৰ দুই ছাত্ৰী, হাহাকাৰ পৰিয়ালত…

নিউজ ডেস্কঃ টিউশ্যনলৈ যাম বুল ঘৰত ফাঁকি দি ওলাই অহাৰ পিছতে দুই ছাত্ৰী সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাৰ আলোকগঞ্জত।

৭ ফেব্ৰুৱাৰীৰ বিয়লিৰ পৰা কিশোৰী দুগৰাকী সন্ধানহীন হৈ থকাত হাহাকাৰ লাগিছে পৰিয়ালত। অ’ত-ত’ত বিচাৰিও দুই কিশোৰীৰ সন্ধান নোপোৱাত হালাকুৰা আৰক্ষী চকীত।

কিন্তু আৰক্ষীয়ে কিশোৰী ছাত্ৰী দুগৰাকীৰ সন্ধান উলিয়াবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে হালাকুৰাবাসীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ৭ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাত টিউশ্যনলৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিছিল হালাকুৰাৰ নিৱাসী ফিলিপ ৰায় আৰু ৰতন মণ্ডলৰ কন্যা পুনম ৰায় আৰু তৃষ্ণা ৰায়।

দুয়োগৰাকী কিশোৰীয়েই আছিল শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী।

কিন্তু ওলাই যোৱাৰ প্ৰায় ১ ঘণ্টা পিছত যেতিয়া অভিভাৱকে ছাত্ৰী দুগৰাকীক আনিবলৈ টিউশ্যন শিক্ষকৰ ঘৰলৈ যায়, তেতিয়া জানিব পাৰে যে সেইদিনা টিউশ্যনেই নাছিল।

এনে পৰিপ্ৰেক্ষিতত ঘৰত ফাঁকি দি ওলাই অহা ছাত্ৰী দুগৰাকীয়ে ক’ত গ’ল তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

যাৰ বাবে কিশোৰী দুগৰাকীৰ সন্ধান বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!