এক চাঞ্চল্যকৰ ঘটনা।
জুৱেলাৰী দোকানত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সোণৰ গহণা।
মাজুলিৰ কমলাবাৰী চাৰিআলিৰ ‘মা জুৱেলাৰ্চ’ নামৰ জুৱেলাৰীখনৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চুৰি সোণৰ আ-অলংকাৰ।
জানিব পৰামতে কমলাবাৰী চাৰিআলিত থকা কৃষ্ণ ঘোষ নামৰ লোকজনৰ মা জুৱেলাৰ্চত উদ্ধাৰ হয় স্থানীয় বকুল বৰাৰ গৃহৰ পৰা চুৰি হোৱা সোণৰ আ-অলংকাৰ।
মাজুলি আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় এই সোণৰ আ-অলংকাৰসমূহ।
ইতিমধ্যেই ‘মা জুৱেলাৰ্চ’ৰ স্বত্বাধীকাৰী কৃষ্ণ ঘোষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
যোৰহাট পুলিবৰ থানাৰ অন্তৰ্গত দ গাঁৱৰ নলনীখাটৰ বলীন বৰাৰ ঘৰত বুধবাৰে দিনদুপৰতে ডকাইটি কাণ্ড সংঘটিত কৰিছিল দুৰ্ধৰ্ষ ডকাইত ভাস্কৰ বৰাই।
তাৰ পিছতে জেংৰাইমুখ আৰক্ষী থানা আৰু নয়াপুজাৰ আৰক্ষী চকীৰ যৌথ অভিযানত গোঁসাইবাৰী গাঁৱৰ পৰা দুৰ্ধৰ্ষ ডকাইট ভাস্কৰ বৰাক আটক কৰে।
বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত ভাস্কৰ বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে যুটীয়া অভিযান চলাই মাজুলি আৰক্ষীৰ সৈতে পুলিবৰ আৰক্ষীয়ে মা জুৱেলাৰ্চৰ পৰা চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰে।