চাঞ্চল্যকৰ! জীৱন্ত লোকক মৃত সজাই অন্য লোকৰ নামত নামজাৰি কৰালে মাটি, অশীতিপৰ আইতাৰ চকুপানী

ৰাজ্যৰ এটা ৰাজহ চক্ৰ কাৰ্যালত সংঘটিত হৈছে এই গছত গৰু উঠা কাণ্ড।

অশীতিপৰ এগৰাকী আইতাক জীৱন্তে মৃত সজাই আইতাৰ মাটি নামজাৰি কৰা হয় একে গাঁৱৰে দুই ককাই-ভাইৰ নামত।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱত।

যোগীপাৰা গাঁৱৰ প্ৰয়াত খগেন বায়ন(সাউ)ৰ পত্নী হৰিপ্ৰিয়া বায়নৰ নামৰ ৩০৯ আৰু ৩১০ নং দাগৰ ৪ বিঘা ১ কঠা ২ লেছা মাটি উত্তৰাধিকাৰী সূত্ৰে হৰিপ্ৰিয়া বায়নক মৃত দেখুৱাই গাঁৱখনৰ প্ৰয়াত কালিমোহনৰ দুই পুত্ৰ গুণমণি আৰু কুলমনি বৈশ্যৰ নামত নামজাৰি কৰা হয়।

চৰকাৰৰ ধৰিত্ৰী আঁচনিৰ যোগেদি পোহৰলৈ আহিছে এই জালিয়াতিৰ তথ্য ,বিগত ইং ২০০৪ বৰ্ষত নগৰবেৰা ৰাজহ চক্ৰত সংঘটিত হৈছিল এই কাণ্ড।

উত্তৰাধিকাৰী সূত্ৰে হৰিপ্ৰিয়া বায়নক মৃত দেখুৱাই গাঁৱৰে গুণমনি-কুলমনিৰ নামত নামজাৰি কৰা হয় উক্ত বস্তি জমি।

আনহাতে ২০০৪ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত উক্ত জমি উত্তৰাধিকাৰী সূত্ৰে হৰিপ্ৰিয়া বায়নৰ স্থানত কালিমোহন সাউ আৰু পাছলৈ পুত্ৰদ্বয় গুণমনি-কুলমনিৰ নামত নামজাৰি হৈ পট্টা হয় ,উত্তৰাধিকাৰী সূত্ৰে উক্ত জমি নামজাৰি হয়।

প্ৰশ্ন হয় -উত্তৰাধিকাৰী সূত্ৰে,অৰ্থাৎ আজিও হাতত লাখুটি ডাল লৈ অ’লৈ-ত’লৈ ঘুৰি ফুৰা অশীতিপৰ এই গৰাকী আইতাক ৰাজহ বিভাগে পাকে-প্ৰকাৰে মৃতা বুলিয়েই কামফেৰা কৰিছিল। পিছে কিহৰ বাবে কৰা হয় এনে কাণ্ড ?

দেৰিকৈ হ’লেও বৃদ্ধা গৰাকীৰ পুত্ৰই ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মাটিৰ ৰেক’ৰ্ড পৰীক্ষা কৰোতেই ওলাই পৰে এনে বিসংগতি।

আনকি পুত্ৰ ধনঞ্জয় বায়নে ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা পৰ্যায়তো নামজাৰি খাৰিজৰ আবেদন দাখিল কৰিছে।

চকুলোৰে বাট নেদেখা আইতায়ো জনাইছে ন্যায় প্ৰাপ্তিৰ আবেদন।