
নিউজ ডেস্কঃ বিলাসী বাহনত ভৰাই দুই অভিজাত চোৰে চুৰি কৰি লৈ গ’ল ফুলৰ টাব।
সামাজিক মাধ্যমত এইল চুৰিকাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন অভিজাত চোৰক।
আৰক্ষীয়ে লোকজনৰ পৰা তেওঁৰ বাহনখনৰ লগতে চুৰি কৰা ফুলৰ টাবসমূহো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
দৰাচলতে এই ঘটনা সংঘটিত হৈছিল গুৰুগ্ৰামৰ ছাহৰল সীমান্ত অঞ্চলত।
১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ আয়োজন হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গুৰুগ্ৰাম।
সন্মিলনথলীৰ চৌদিশে সুন্দৰকৈ সজাই থোৱা হৈছে ৰং বিৰঙৰ ফুলৰ টাব।
তেনে ফুলৰ টাবেই বিলাসী বাসনত ভৰাই দুজন লোকে চুৰি কৰি নিয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।
এই চুৰিকাৰ্যৰ অনুসন্ধান চলাই আৰক্ষীয়ে মনমোহন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
#G20 के सौंदर्यीकरण के "चिंदी चोर"
— Raj Verma-Journalist🇮🇳 (@RajKVerma4) February 27, 2023
गुरुग्राम में शंकर चौक पर #Kia कार सवार ने दिनदहाड़े पौधों के गमले उड़ाए ।।@gurgaonpolice @DC_Gurugram @cmohry @MunCorpGurugram @OfficialGMDA @TrafficGGM pic.twitter.com/aeJ2Sbejon