
নিউজ ডেস্কঃ দুই চুবুৰীয়াৰ ঘৰত উদ্ধাৰ হোৱা ৬ টাকৈ মৃতদেহে চাঞ্চল্যৰ সৃষ্টি কৰিছে জম্মু-কাশ্মীৰত। জম্মু চহৰৰ উপকণ্ঠ সিধাৰাৰা তাৱী বিহাৰ অঞ্চলত মঙলবাৰে দুটাকৈ ঘৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈ তিনিগৰাকী মহিলাসহ ৬ জনৰ মৃতদেহ।
নিহত সকলক নু উল হাবিব, সাজাদ আহমেদ, ছাকিনা বেগম, তেওঁৰ কন্যা নাছিমা আখতাৰ আৰু ৰুবিনা বানো, পুত্ৰ জাফৰ চেলিম বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সদৰী কৰা মতে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত শ্ৰীনগৰৰ বৰজুল্লা অঞ্চলৰ এগৰাকী যুৱতীয়ে আৰক্ষীলৈ ফোন কৰি কয় যে তেওঁ তেওঁৰ ভাতৃ নুকল উল হাবিবলৈ ফোন কৰি থকাৰ পিছতো কোনো উত্তৰ প্ৰদান কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ কোনো অঘটন ঘটাৰ সন্দেহ কৰি আৰক্ষীক ফোন কৰে।

ইয়াৰ পিছতে উপ-পৰিদৰ্শক মজিদ হুছেইন আৰু পৰিদৰ্শক বিশৱ পাৰ্তাপৰ নেতৃত্বত ক্ৰমে সিধাৰা আৰক্ষী চকী আৰু নগ্ৰোটা থানাৰ আৰক্ষী দলে উক্ত ঘৰটোত উপস্থিত হয়। আৰক্ষীয়ে বহুবাৰ বাহিৰৰ পৰা দুৱাৰত টোকৰ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱাত অৱশেত দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰাত ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে।
আনহাতে স্থানীয় লোকে আৰক্ষীক জানিবলৈ দিয়ে যে ছাকিনা বেগমৰ ওচৰতে আৰু এটা ঘৰ আছে। লগে লগে আৰক্ষীয়ে সেই ঘৰটোতো তালাচী চলোৱাত ইয়াতে উদ্ধাৰ হয় ছাকিনাৰ কন্যা ৰুবিনা বানো আৰু পুুত্ৰ জাফৰ চেলিমৰ মৃতদেহ।

দুয়োৰে দুই-তিনিদিন পূৰ্বেই মৃত্যু ঘটিছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ইফালে মৃতদেহ দুটাৰ কাষত প্ৰাইমা ফেচি, ছডিয়াম নাইট্ৰেটৰ বেজী ধৰা পৰাত বিষক্ৰিয়াৰ ফলত দুয়োৰে মৃত্যু ঘটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিগত কিছুদিন ধৰি কোনো কাৰণত তীব্ৰ মানসিক হতাশাত ভুগি আছিল নুৰ উল হাবিব। এনে কাৰণতে পৰিয়ালসহ আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু দুটাকৈ ঘৰত একেলগে ৬ জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে ঘন ৰহস্যৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।