fbpx
অসম

চাঞ্চল্যকৰ! চুবুৰীয়াৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি চৰম সিদ্ধান্ত ল’লে এগৰাকী মহিলাই…

এক চাঞ্চল্যকৰ ঘটনা!

চুবুৰীয়াৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি গাঁত কেৰাচিন ঢালি জুই লগাই দিলে এগৰাকী মহিলাই।

নিশা বঙাইগাঁও চহৰৰ ৮নং ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

চুবুৰীয়াৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি গাত কেৰাচিন ঢালি জুই লগাই এগৰাকী মহিলাই আত্মহত্যা কৰে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ঘৰৰ লেতেৰা পানী বাগৰি অহাক কেন্দ্ৰ কৰি সৃষ্টি হৈ আছিল এক কাজিয়াৰ।

অভিযোগমতে স্থানীয় হৰিভক্ত ঘোষ নামৰ লোকগৰাকীৰ ঘৰৰ লেতেৰা পানী দীৰ্ঘদিন ধৰি ধ্ৰুৱ মহন্তৰ গৃহৰ ফালে বৈ অহাত ধ্ৰুৱ মহন্তৰ পত্নী ৰত্না মহন্তই(৪৮) প্ৰতিবাদ কৰি আহিছিল।

ঘটনাৰ নিশা অর্থাৎ কালিয়ো এই লেতেৰা পানী বৈ অহাক কেন্দ্ৰ কৰি ৰত্না আৰু হৰিভক্তৰ পৰিয়ালৰ লগত সৃষ্টি হয় এক বাক বিতণ্ডাৰ।

হৰিভক্তৰ পৰিয়ালৰ লোকে ৰত্নাক বহু অশ্লীল ভাষাৰে গালি গালাজ কৰাত চুবুৰীয়াৰ ওচৰত লজ্জিত হৈ গা ধোৱা ঘৰত সোমাই গাত জুই লগাই আত্মহত্যা কৰে ৰত্না মহন্তই।

ইয়াৰ পিচতে এই ঘটনাক কেন্দ্ৰ কৰি এলেকাটোত এক উত্তেজনাৰ সৃষ্টি হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হৈ হৰিভক্ত ঘোষ আৰু তেঁওৰ পত্নী গীতা ঘোষক আটক কৰে।

স্থানীয় ৰাইজেও অভিযোগ কৰামতে হৰিভক্তৰ পৰিয়ালে ৰত্নাক দীৰ্ঘদিনে মানসিক নিৰ্যাতন চলাই আহিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!