
নিউজ ডেস্কঃ অক্ষয় কুমাৰ অভিনীত হিন্দী ছবি ‘স্পেচিয়েল-২৬’ৰ যেন পুনৰাবৃত্তি ঘটিল বাস্তৱত। চিনেমাৰ কায়দাত নিজকে আয়কৰ বিষয়া বুলি পৰিচয় কৰি এজন ব্যৱসায়ীৰ ঘৰৰ পৰা কোটি টকাৰো অধিক লুটি লৈ যায় এটা দুৰ্বৃত্তৰ দলে। শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই আটক কৰিছে ৭ জনক।
দিল্লীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অজয় পাল লাম্বাই জনোৱা মতে, এই দুৰ্বৃত্তৰ দলটোৱে নিজকে আয়কৰ বিষয়া বুলি পৰিচয় দি অভিযান চলাইছিল জয়পুৰৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত। য’ৰ পৰা দুৰ্বৃত্তৰ দলটোৱে ১.২৫ কোটি টকা লুটি লৈ যায়।
আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি এগৰাকী মহিলাসহ ৭ জনক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক দিল্লীৰ পৰা আটক কৰে। পিছত সোধা-পোছাৰ বাবে অভিযুক্ত কেইজনক জয়পুৰলৈ লৈ যোৱা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তৰ পৰা ৯ লাখ নগদ ধন আৰু কিছু সোণ-ৰূপৰ গহনা উদ্ধাৰ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে দুৰ্বৃত্তৰ দলটোলে লুটি নিয়া সম্পূৰ্ণ ধন উদ্ধাৰ কৰিব পৰা হোৱা নাই। আটক কৰা ৭ জন অভিযুক্ত আটাইকেইজনকে আদালতত হাজিৰ কৰা হয়। য’ৰ পৰা আটাইকেইজনক ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, এই সমগ্ৰ ঘটনা দিল্লীৰ পৰাই পৰিচালিত কৰা হৈছিল। আয়কৰ বিষয়াৰ ৰূপ লৈ অতি কৌশলেৰে চলোৱা হৈছিল অভিযান। দলটোৱে জয়পুৰৰ বিভিন্ন অঞ্চলটোত এনেদৰে ভুুৱা তালাচী চলাই কোটি কোটি টকা লুটি নিয়া বুলি আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে। শেহতীয়াকৈ ভুৱা আয়কৰ বিষয়াৰ দলটোৱে জয়পুৰৰ ব্যৱসায়ী সত্যনাৰায়ণ তাম্বীৰ ঘৰত অভিযান চলাই লুটি নিয়ে কোটি টকা।
উল্লেখ্য যে, ২৪ আগষ্টত জয়পুৰৰ আনাজ মণ্ডি ৰোডত থকা আটা ব্যৱসায়ীজনৰ ঘৰত ভুৱা আয়কৰ বিষয়াৰ দলটোৱে অভিযান চলাই ৬০ লাখ টকাৰ নগদ ধনৰ লগতে ডেৰ কেজি সোণৰ অলংকাৰ লুটি লৈ যায়। এই সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জয়ক আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে, ধৃত সঞ্জয় দিল্লীৰ পাঞ্চাল মহাসভাৰ অধ্যক্ষ।

অভিযুক্ত জনে প্ৰায় ২ মাহ পূৰ্বে জয়পুৰৰ বিভিন্ন অঞ্চলত একাংশ লোকক এই লুট কাৰ্যৰ সৈতে জড়িত কৰিছিল। ইয়াৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ ডকাইতিৰ পৰিকল্পনা কৰা হৈছিল। পৰৱৰ্তী সময়ত দুজন দুষ্কৃতিকাৰীয়ে ইলেক্ট্ৰিচিয়ানৰ ৰূপ লৈ ঘৰত প্ৰৱেশ কৰে। ঘৰলৈ অহা নগদ ধনৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ পিছত সঞ্জয়ে দিল্লীত বহি থকা চক্ৰটোক সক্ৰিয় কৰি ডকাইতিৰ ষড়যন্ত্ৰ ৰচনা কৰে।
ইফালে দুৰ্বৃত্তৰ এই দলটো ভুৱা বুলি যাতে কোনেও সন্দেহ নকৰে, তাৰ বাবে এগৰাকী মহিলাও লগত ৰাখিছিল দলটোৱে। আটাই কেইজনে নিজকে আয়কৰ বিষয়া বুলি পৰিচয় দি চিনেমাৰ কায়দাৰে ব্যৱসায়ীৰ ঘৰত উপস্থিত হয় আৰু নগদ ধন আৰু সোণ-ৰূপৰ গহনা লুটি লৈ যায়।
এই ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে আটক কৰিছে মাষ্টাৰমাইণ্ড সঞ্জয় (৩৬)ৰ লগতে সমীৰ (২২), মুজাফৰ (২৭), অমন সিং ওৰফে মনু (২৭), ৰিয়ান (৩২), অশোক (৫০), আৰু নিশা (৩২) নামৰ দুৰ্বৃত্ত কেইজনক।