চাঞ্চল্যকৰ! চিকিৎসা কৰিবলৈ আহি GMCH-ৰ পৰা সন্ধানহীন এগৰাকী ৰোগী…

পুনৰ জি এম চি এইছৰ পৰা নিখোজ হ’ল এগৰাকী ৰোগী।

দিনৰ ভাগত চিকিৎসালয়ৰ বহিঃবিভাগৰ পৰা নিৰুদ্দেশ হয় এগৰাকী ৰোগী।

নগাঁও ৰূপহীহাটৰ পৰা গুৱাহাটীত চিকিৎসাৰ বাবে আহিছিল ৰোগীগৰাকী।

নগাঁৱৰ হাতীপাৰা গাঁৱৰ আমিনুল ইছলামৰ কন্যা আছিল নিৰুদ্দিষ্ট কিশোৰীগৰাকী।

নাম আওলিয়া চামিম, বয়স ১৭ বছৰ।

GMCHৰ মানসিক ৰোগ বিভাগৰ অ’পিডিত দেখুৱাইছিল চামিমক।

পৰিয়ালৰ লোকৰ সৈতে অহা ৰোগীগৰাকীক ভৰ্তি কৰিবলৈ যোৱা সময়তে সন্ধানহীন হয়।

দুপৰীয়া ১২ বজাৰ পৰা নাই কোনো শুংসূত্ৰ।

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত কিশোৰীগৰাকীৰ পিতৃয়ে দাখিল কৰিছে এজাহাৰ।