চাঞ্চল্যকৰ! চাৰ্ভিছ ৰাইফলেৰে সতীৰ্থক গুলীয়াই হত্যা AISF জোৱানৰ, গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ ডিগবৈত চাঞ্চল্যকৰ ঘটনা।

নিজৰ চাৰ্ভিছ ৰাইফলেৰে সতীৰ্থক গুলীয়াই হত্যা অসম ঔদ্যোগিক নিৰাপত্তা বাহিনী (AISF)ৰ জোৱানৰ।

ডিগবৈৰ মুলিয়াবাৰী পথত অৱস্থিত এআইএছএফৰ কাৰ্যালয়ত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

নিজৰ চাৰ্ভিছ ৰাইফলেৰে নিচেই কাষৰ পৰা গুলীয়াই হত্যা বিমল ওৰাং নামৰ সতীৰ্থ জোৱানজনক।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী উদেশ মাঝি নামৰ এআইএছএফৰ জোৱানজনক।

কি কাৰণে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।