fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! ঘৰৰ দুৱাৰমুখতে ছুৰীকাঘাত কৰি নৃশংসভাৱে হত্যা এগৰাকী শিক্ষয়িত্ৰীক…

নিউজ ডেস্কঃ নিজৰ ঘৰৰ দুৱাৰমুখতে দুৰ্বৃত্তৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী শিক্ষয়িত্ৰীয়ে।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ চেণ্ট্ৰেল বাংগালুৰুৰ নানজাপ্পা চাৰ্কলৰ সমীপত।

দুৰ্বৃত্তৰ উপৰ্যুপৰি ছুৰীকাঘাতত নিহত শিক্ষয়িত্ৰীগৰাকীৰ পৰিচয় কৌছাৰ মুবিনা (৩৪) বুলি জানিব পৰা গৈছে।

murder teacher

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত নানজাপ্পা চাৰ্কলৰ সমীপত ১৩ বছৰীয়া কন্যাৰ সৈতে অকলশৰে বাস কৰি আহিছিল কৌছাৰ মুবিনাই।

মঙলবাৰে বিয়লি শিক্ষয়িত্ৰীগৰাকীৰ চিঞৰ শুনিবলৈ পায় ওচৰ চুবুৰীয়াই।

লগে লগে কেইজনমান চুবুৰীয়া মুবিনাৰ ঘৰত উপস্থিত হয় আৰু ঘৰৰ দুৱাৰমুখতে তেজেৰে তুমুৰলি হৈ তেওঁক পৰি থকা প্ৰত্যক্ষ কৰে।

ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত তিনিবাৰকৈ ছুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে দুৰ্বৃত্তই।

ইফালে হত্যাকাৰী মুবিনাৰ পৰিচিত আছিল বুলি সন্দেহ কৰিছে আৰক্ষী আৰু চুবুৰীয়াই।

হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত তেওঁৰ কন্যা নাছিল বুলি জানিব পৰা গৈছে।

শিক্ষয়িত্ৰীগৰাকীৰ এনে নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তথ্য প্ৰমাণ সংগ্ৰহ কৰি হত্যাকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ শােকাৱহ! পুত্ৰৰ আকস্মিক মৃত্যুৰ পিছতে প্ৰাণত্যাগ বৃদ্ধ মাতৃৰ

G1 2

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!