চাঞ্চল্যকৰ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশু চুৰিৰ চেষ্টা, দুই মহিলাক আটক…

GMCH ত সক্ৰিয় শিশু চুৰি চক্ৰ।

শিশু চুৰি চক্ৰৰ সৈতে জড়িত দুগৰাকী মহিলাক আটক।

জানিবলৈ পোৱা মতে আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি আছিল।

তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল।

কিন্তু শিশুটি চুৰ কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছ ৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলাই।

ধৃত মহিলাদ্বয় প্রমিলা ডেকা আৰু বিজিতা দাস।

গৰ্ভৱতী মহিলা গৰাকীৰ নাম মইনা বৰা। গৰ্ভৱতী মহিলা গৰাকীৰ স্বামী বিহাৰত শ্ৰমিক হিচাপে কৰ্মৰত।

সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে।

ইয়াৰ পূৰ্বেও জি এম ছি এইছ ৰ পৰা এটি কণমানি শিশু চুৰি ঘটনাই ৰাজ্য তোলপাৰ লগাইছিল।