
নিউজ ডেস্কঃ বিগত কেইবাবছৰ ধৰি থকা প্ৰেমৰ সম্পৰ্কত অৱশেষত সন্মতি দিছিল পৰিয়ালে।
সেই অনুসৰি, প্ৰেমিক-প্ৰেমিকাৰ কোৰ্ট মেৰেজ কৰোৱাই পতি-পত্নীৰ সামাজিক মৰ্যাদা প্ৰদান কৰাৰো সিদ্ধান্ত লৈছিল দুয়োজনৰ পৰিয়ালে।
এয়া মাত্ৰ দুদিন আগৰ ঘটনা! কিন্তু তাৰ পিছতে কাতি বিহুৰ দিনাখন প্ৰেমিক তথা ভাৱীস্বামীৰ ঘৰত প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
যুৱতীগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক যুৱকজনক। লগতে যুৱতীগৰাকীৰ মৃত্যুত অভিযুক্ত কৰা হৈছে প্ৰেমিকৰ পিতৃ-মাতৃ আৰু এজন ভাতৃকো।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ চাংসাৰিত।
জানিব পৰা মতে, চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত দেউদুৱাৰৰ গিৰীশ কলিতাৰ কন্যা ৰিম্পীমণি কলিতা (২২)ৰ চাংসাৰি ঠেঙাটোলৰ গণেশ দাসৰ পুত্ৰ অংকুৰ দাসৰ লগত আছিল প্ৰণয় সম্পর্ক।

বিগত ৪ বছৰৰো অধিক থকা এই প্ৰেমৰ সম্পৰ্কৰ বাবেই ঘৰৰ লগতো অহা-যোৱা হৈছিল তেওঁলোকৰ।
এনে কাৰণতে প্ৰেমিকা ৰিম্পীমণি কলিতা প্ৰায়ে অংকুৰ দাসৰৈ ঘৰলৈ গৈ ২-৩ দিনলৈকে তাতেই থাকিছিল।
শেহতীয়াকৈ শাওন মাহত প্ৰেমিক অংকুৰৰ মাতৃৰ অসুখ হোৱাত ৰিম্পীমণিয়ে পুনৰ প্ৰেমিকৰ ঘৰলৈ আহিছিল আৰু তেতিয়াৰ পৰা তাতেই আছিল।
আনহাতে ইমান দিনলৈ যুৱতীগৰাকী প্ৰেমিকৰ ঘৰতে থকাত ৰিম্পীমণিৰ পৰিয়ালে চিন্তা ব্যক্ত কৰি অংকুৰ দাসৰ ঘৰলৈ আহে আৰু দুয়োটা পৰিয়ালে ক’ৰ্ট মেৰেজৰ সিদ্ধান্ত লয়।
কিন্তু পৰিয়াল দুটাই এই সিদ্ধান্ত লোৱাৰ মাত্ৰ দুদিন পিছতে মঙলবাৰে অংকুৰৰ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
ইয়াৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।
ৰহস্যজনক পৰিস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ৰিম্পীৰ পিতৃ গিৰীশ কলিতাই হত্যা বা শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ তুলি অংকুৰ দাস আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰেমিক তথা ভাৱীস্বামী অংকুৰ দাসক গ্ৰেপ্তাৰ কৰি যুৱতীগৰাকীৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।