চাঞ্চল্যকৰ! কাৰাবন্দী কয়দীক মুকলি কৰাৰ বাবদ ধনদাবী ASI সঞ্জীৱ মদুমদাৰৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন…

নিউজ ডেস্কঃ ড্ৰাগছৰ ব্যৱসায়ৰ গোচৰত গ্ৰেপ্তাৰ হৈ বৰ্তমান কাৰাবন্দী হৈ থকা এজন কয়দীক মুকলি কৰাৰ নামত উৎকোচ লৈ নিলম্বন হ’বলগীয়া হ’ল এগৰাকী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক।

উৎকোচ লোৱাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় দক্ষিণ শালমৰা-মানকচাৰ জিলাৰ ফকিৰগঞ্জ থানাৰ সহকাৰী উপ-পৰিদৰ্শক সঞ্জীৱ মজুমদাৰক।

উল্লেখ্য যে, আৰক্ষী বিষয়া সঞ্জীৱ মজুমদাৰে কাৰাবন্দী কয়দীজনক বাহিৰলৈ উলিয়াই অনাৰ নামত ধন দাবী কৰিছিল।

কিন্তু সেই ধন এএছআই জনে গ্ৰহণ কৰাৰ সময়তে সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত।

ইয়াৰ পিছতে বিভাগীয় নিৰ্দেশ অনুসৰি নিলম্বন কৰা হয় এএছআই সঞ্জীৱ মজুমদাৰক।