চাঞ্চল্যকৰ! ঐশ্বৰ্য-বিভূতি লাভৰ আশাত দুগৰাকীকৈ মহিলাক নৰ বলি দি টুকুৰা টুকুৰকৈ কাটি মাংস ভক্ষণ কৰিলে দম্পতীসহ ৩ জনে, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ঐশ্বৰ্য-বিভূতি লাভৰ বাবে দুগৰাকীকৈ মহিলাক নৰবলি দিয়াৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলাসহ তিনিজনকৈ পাষণ্ডক।

এই নৃশংস আৰু সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে কেৰালাত।

আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ক’লা যাদুৰ আশ্ৰয় লৈ তিনি জনে মিলি নৰ বলি দিছিল ৰাজপথত লটাৰীৰ টিকট বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা দুগৰাকী মহিলাক।

আনহাতে কেৱল নৰ বলি দিয়াতেও ক্ষান্ত নাথাকি মৃত মহিলা দুগৰাকীৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তাৰ মাংসও ভক্ষণ কৰিছিল এই কেইজন পিশাচে। বাকী শৰীৰৰ অংগখিনি ঘৰৰ পিছফালে দুই স্থানত পুতি ৰাখিছিল পাষাণ লোক কেইজনে।

photo1665570246
চাঞ্চল্যকৰ! ঐশ্বৰ্য-বিভূতি লাভৰ আশাত দুগৰাকীকৈ মহিলাক নৰ বলি দি টুকুৰা টুকুৰকৈ কাটি মাংস ভক্ষণ কৰিলে দম্পতীসহ ৩ জনে, গ্ৰেপ্তাৰ 3

এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাগৱল সিং, তেওঁৰ পত্নী লাইলা আৰু মহম্মদ শ্বাফীৰ নামৰ লোক কেইজনক।

আদালতে তিনিওজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কেৰালাৰ লগতে সমগ্ৰ ভাৰতত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ পৰা সন্ধানহীন হৈ আছিল ৰাজপথত লটাৰীৰ টিকট বিক্ৰী কৰা পদ্মা আৰু ৰ’জলীন নামৰ মহিলা দুগৰাকী। দুয়োগৰাকী মহিলাৰ বয়স আছিল ৫০ৰ পৰা ৫৫ বছৰৰ ভিতৰত।

দুয়োগৰাকী মহিলাৰ সন্ধানহীনতাৰ আৰক্ষী তদন্ত চলাই থকাৰ সময়তেই পোহৰলৈ আহে এই বিস্ফোৰক ঘটনা।

আৰক্ষীয়ে তথ্যৰ ভিত্তিত অভিযান চলাই পাঠনামথিট্টাৰ এলানথুৰস্থিত ভাগৱল সিঙৰ ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলা দুগৰাকীৰ মৃতদেহৰ অৱশিষ্ট।

photo1665570206
চাঞ্চল্যকৰ! ঐশ্বৰ্য-বিভূতি লাভৰ আশাত দুগৰাকীকৈ মহিলাক নৰ বলি দি টুকুৰা টুকুৰকৈ কাটি মাংস ভক্ষণ কৰিলে দম্পতীসহ ৩ জনে, গ্ৰেপ্তাৰ 4

প্ৰাথমিক তদন্তত আৰু আৰক্ষীৰ সন্মুখত হত্যাকাৰীয়ে স্বীকাৰ কৰা মতে, আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে মহিলা দুগৰাকীৰ বলি দিছিল পাষণ্ড দম্পতী আৰু মহম্মদ শ্বাফীৰ নামৰ লোকজনে।

নৰ বলিৰ পিছত মহিলা দুগৰাকীৰ মৃতদেহ ৫৬ টুুকুৰাকৈ কাটি তাৰ মাংস ভক্ষণ কৰাৰ লগতে অৱশিষ্টখিনি ঘৰৰ পিছফালে দুটা স্থানত পুতি থৈছিল।

হত্যাৰ বলি হোৱা মহিলা দুগৰাকীৰ এগৰাকী কদবন্তৰাৰ আৰু আনগৰাকী ওচৰতে অৱস্থিত কালদীৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে এই হত্যাকাণ্ডৰ বাবে শোক প্ৰকাশ কৰি কয় যে মানসিক ৰোগীয়েহে এনে অপৰাধ সংঘটিত কৰিব পাৰে। তেওঁ এক বিবৃতিত কয় যে এনে ক’লা যাদু আৰু ডাইনী প্ৰথাক সভ্য সমাজৰ বাবে এক প্ৰত্যাহ্বান হিচাপেহে চাব পাৰি।