চাঞ্চল্যকৰ! একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু কন্যাক হত্যা দুৰ্বৃত্তৰ…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু কন্যাক হত্যা দুৰ্বৃত্তৰ।

যোৰহাটৰ মৰিয়নীত একেটা পৰিয়ালৰে তিনিজনক হত্যা দুৰ্বৃত্তৰ।

ন-কছাৰিৰ ইটাভাটাত উদ্ধাৰ পিতৃ-মাতৃ আৰু কন্যাৰ মৃতদেহ।

অৰ্ধ নগ্ন অৱস্থাত উদ্ধাৰ মাতৃ কন্যাৰ মৃতদেহ।

জীৱন লাহন নামৰ এজন লোকৰ ইটা ভাটাৰ ৰখীয়া হিচাপে কাম কৰিছিল পৰিয়ালটোৱে।

মৰিয়নীৰ দেৱেৰাপাৰাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

মৃত পৰিয়ালটো তেজপুৰৰ বুলি জানিব পৰা গৈছে।

মৃত লোককেইজন সোণতি বৰা, পত্নী টুলু বৰা আৰু কন্যা মণালিছা বৰা।

হত্যাকাণ্ডত ব্যৱহৃত এখন দা উদ্ধাৰ কৰা হৈছে।