চাঞ্চল্যকৰ! এইবাৰ ডকাইতি কাণ্ডত নামিল খোদ GRPৰ জোৱান, তালাচীৰ চলেৰে ৰে’ল যাত্ৰীৰ পৰা কাঢ়ি নিলে টকাভৰ্তি বেগ…

নিউজ ডেস্কঃ এইবাৰ ডকাইতি কাৰ্যত নামিল খোদ ৰে’ল আৰক্ষী।

তালাচীৰ সময়ত ৰে’ল যাত্ৰীৰ পৰা জিআৰপিয়ে টকাভৰ্তি বেগ কাঢ়ি নিয়াৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, গুৱাহাটী ৰে’ল ষ্টেছনত এই ডকাইতি কাণ্ড সংঘটিত কৰিছিল জিআৰপিৰ জোৱান আবুল হুছেইনে।

হাৰিয়ানাৰ গিৰিধৰ লাল নামৰ এজন ৰে’ল যাত্ৰীৰ পৰা ৰে’ল আৰক্ষীজনে কাঢ়ি নিছিল টকাৰ বেগ।

সেই বেগটোত আছিল আঢ়ৈ লাখ টকা নগদ ধন।

তালাচীৰ সময়তে আবুল হুছেইনে সংঘটিত কৰিছিল এই ডকাইতি কাণ্ড।

ইফালে ধনখিনি কাঢ়ি নিয়াৰ পিছত হাজোস্থিত ঘৰত লুকুৱাই ৰাখিছিল আবুলে।

ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত জিআৰপিৰ জোৱান আবুল হুছেইন।

আনহাতে তেওঁৰ হাজোৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ২ লাখ ৪০ হাজাৰ টকাও।

আবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত!