চাঞ্চল্যকৰ! আৰক্ষী জিম্মাৰ পৰা পলাল ধৰ্ষণৰ অভিযুক্ত বাহাৰুল ইছলাম…

এক চাঞ্চল্যকৰ ঘটনা।

আৰক্ষী জিম্মাৰ পৰা পলাল এগৰাকী অপৰাধী।

হাইলাকান্দি আৰক্ষীৰ জিম্মাৰ পৰা পলাল এগৰাকী ধৰ্ষণৰ অভিযুক্ত।

আলগাপুৰ থানাৰ পৰা পলায়ন অভিযুক্ত বাহাৰুল ইছলামৰ।

686
চাঞ্চল্যকৰ! আৰক্ষী জিম্মাৰ পৰা পলাল ধৰ্ষণৰ অভিযুক্ত বাহাৰুল ইছলাম... 2

১০ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাহাৰুল।

জানিব পৰা মতে, শুক্ৰবাৰে নিশা শৌচাগাৰলৈ যোৱাৰ সময়তে আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে বাহাৰুলে।

সম্প্ৰতি অভিযুক্ত ধৰ্ষণকাৰীটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইপিনে আৰক্ষীৰ জিম্মাৰ পৰা এগৰাকী অপৰাধী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হাইলাকান্দিত।

ইপিনে, শেহতীয়াকৈ পােৱা খবৰ অনুসৰি বাহাৰুল ইছলামক পুনৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

হাইলাকান্দি জিলাৰ বালাকান্দি গাঁৱৰ পৰা দিনৰ ১ মান বজাত গাঁও ৰক্ষা বাহিনীৰ সহযােগত আটক কৰা হয় বাহাৰুল ইছলাম নাম ধৰ্ষণৰ গােচৰৰ অভিযুক্তক।