অসম
চাঞ্চল্যকৰ! আৰক্ষীৰ জিম্মাতে নিশা দুৰ্বৃত্তই জ্বলাই দিলে গাঞ্জাসহ জব্দকৃত ট্ৰাক…

এক চাঞ্চল্যকৰ ঘটনা।
আৰক্ষীৰ জিম্মাতে নিশা দুৰ্বৃত্তই জ্বলাই দিলে গাঞ্জাসহ জব্দকৃত ট্ৰাক।
গোসাঁইগাঁৱৰ শিমুলটাপুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
আৰক্ষীয়ে গাঞ্জাসহ জব্দ কৰা ট্রাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ গাঞ্জাসহ জব্দকৃত ট্রাকত
অগ্নিকাণ্ডত ট্রাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
উল্লেখ্য যে, ৭৬৮ কেজি গাঞ্জাসহ ট্ৰাকখন জব্দ কৰিছিল শিমুলটাপু আৰক্ষীয়ে।
শিমুলটাপুৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে নিশা দুৰ্বৃত্তই জ্বলাই দিয়ে ট্ৰাকখন।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।