চাঞ্চল্যকৰ! আদালতৰ বাথৰুমৰ ভেণ্টিলেটৰ ভঙি পলায়ন কয়দীৰ…

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা কয়দীৰ পলায়ন।

মঙলবাৰে কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে এজন কয়দীয়ে।

পলায়ন কয়দীটো কানিশাইলৰ আব্দুল মজিদ।

কয়দী গৰাকীক কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে, পলায়ন কৰা কয়দীজনক মঙলবাৰে জিলা আদালতলৈ লৈ যোৱা হৈছিল। আদালতত উপস্থিত হোৱাৰ পিছতে অভিযুক্তই বাথৰুমলৈ যাবলৈ অনুমতি বিচাৰিছিল।

বাথৰুমত বহু সময় লগোৱাত আৰক্ষীৰ সন্দেহ হয় আৰু পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে বাথৰুমত প্ৰৱেশ কৰে।

কিন্তু ইতিমধ্যেই কয়দীজন ঘটনাস্থলীৰ পৰা ইতিমধ্যেই পলায়ন কৰে।

কয়দীজনে বাথৰুমৰ ভেণ্টিলেটৰৰ গ্লাছ ভাঙি আদালত চৌহদৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে পুনৰ কয়দীজনক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে।